লকডাউন’ৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় আৰক্ষী জোৱান| - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 7 May 2020

লকডাউন’ৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় আৰক্ষী জোৱান|

লকডাউন’ৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাত  নিহত হয় আৰক্ষী  জোৱান |

লকডাউন’ৰ মাজতে  বৃহস্পতিবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় নগৰবেৰাত  | নগৰবেৰা আৰক্ষী থানাৰ মনচেৰ আলী (৪০) নামৰ আৰক্ষী জোৱান জন থিতাতে নিহত হয় দুৰ্ঘটনাটোত |
নগৰবেৰা বজাৰত আৰক্ষী দল এটাৰ সতে কৰ্তব্যৰত অৱস্থাত থকা অৱস্থাত মালবাহী বাহন এখনে এজনক খুন্দিয়াই পলাই সাৰিব খোজোতেই  বাইক এখনেৰে পাছে-পাছে খেদি গৈ বাট আগচি ধৰাত একেখন বাহনে জোৱান জনক খুন্দিয়াই তীব্ৰ বেগে পলাই যাবলৈ সক্ষম হয় | বাহন খনৰ নম্বৰ পৰ্যন্ত পোৱা নগ’ল |
জোৱান জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইতিমধ্যে মৃত্যু ঘটে | কৰ্তব্যৰত আৰক্ষী জোৱানৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পাইছে |

নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্ট, ASSAM LIVE |

Post Bottom Ad

Pages