বৰক্ষেত্ৰীৰ লাৰকুছিৰ খহনীয়াস্থলীত বিজেপি নেতা শান্তনু কলিতা ৷ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 31 May 2020

বৰক্ষেত্ৰীৰ লাৰকুছিৰ খহনীয়াস্থলীত বিজেপি নেতা শান্তনু কলিতা ৷

বৰক্ষেত্ৰীৰ লাৰকুছিৰ খহনীয়াস্থলীত বিজেপি নেতা শান্তনু কলিতা ৷
    লাৰকুছিত উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰিলে বিজেপি নেতাগৰাকীয়ে ৷
খহনীয়া পৰিদৰ্শন কৰি খহনীয়াৰ ভয়াবহতাৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিলে ৷
জলসম্পদ বিভাগৰ মথাউৰিৰ প্ৰতি আৰু মথাউৰিৰ উত্তৰ ফালৰ দৌলাশাল-ৰামপুৰ বৃহত্তৰ  অঞ্চলৰ লোক সকলৰ জীৱনলৈ তীব্ৰ ভাবুকি অহাৰ কথা বৰ্ণনা কৰিলে ৷
কালি খহনীয়াস্থলী ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণেৱালে পৰিদৰ্শন কৰা কাৰ্যক শলাগ লোৱাৰ লগতে বিশেষকৈ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকাক ধন্যবাদ জ্ঞাপন কৰে বিজেপি নেতা শান্তনু কলিতাই ৷
অনাগত দিনত বানপানীৰ সময়ত হ'ব লগা ভবিষ্যত বিপদৰ কথা চিন্তা কৰি জলসম্পদ বিভাগক খৰালি কালতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় বিজেপি নেতা গৰাকীয়ে ৷

      নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ ।

Post Bottom Ad

Pages