আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পাৰিপাশ্বিকতা দিৱস । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 5 June 2020

আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পাৰিপাশ্বিকতা দিৱস ।

আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পাৰিপাশ্বিকতা দিৱস ।

     
তিনিচুকীয়া জিলাৰ লিডু মহাবিদ্যালয়ত  বৃক্ষ ৰোপন কৰি অসম চৰকাৰৰ ছাত্ৰ  যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব  লক্ষ্য কোৱৰে   বৃক্ষ ৰোপনৰ সমান্তৰালভাৱে বৃক্ষ পুলি প্ৰতিপালনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।   তেওঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  কাৰ্যভাৰ লৈয়ে ১০ কোটি বৃক্ষ ৰোপনৰ সিদ্ধান্ত লৈ বৰ্তমানলৈকে ৬ কোটি ৫০ লাখ ৰোপনৰ ব্যৱস্থা কৰা বুলি কয় । 
অন্যহাতে যুৱনেতা গৰাকীয়ে  লিডু মহাবিদ্যালয়ৰ খেলপথাৰৰ আন্তঃ গাঠনিৰ লগতে বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰে । অনূষ্ঠানত লিডু কলেজৰ অধ্যক্ষ কৃপাপ্ৰসাদ উপাধ্যায় , বৰগোলাই জিলা পৰিষদৰ সদস্য দিবাকৰ ঠাকুৰ , তিনিঢুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ উপস্থিত থাকে ।
              মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানৰ ৰিপ'ট অসম লাইভ ।

Post Bottom Ad

Pages