লিডুত কিশোৰী ধৰ্ষণকাৰীক আটক। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 21 June 2020

লিডুত কিশোৰী ধৰ্ষণকাৰীক আটক।

লিডুত কিশোৰী ধৰ্ষণকাৰীক আটক। 
                 লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলাৰ  সমীপৰ এটা কোক কয়লা উদ্যোগত এগৰাকী কিশোৰীক বলপূৰ্বক ভাবে ধৰ্ষণ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত খবৰ অনুসৰি   জিউত কুমাৰ মাহাতু নামৰ লম্পট যুৱকটোৱে কৌশলেৰে এগৰাকী প্ৰায় তেৰ বছৰীয়া কিশোৰীক কোক ভাটালৈ মাতি আনি বলপূৰ্বক ভাৱে ধৰ্ষণ কৰে।
পিছত ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত হৈ  লিডুৰ আৰক্ষীক অৱগত কৰে আৰু লিডু আৰক্ষীয়ে যুৱকজনক আটক কৰি থানালৈ লৈ আহে। ইপিনে ধৃত যুৱকজনৰ বিৰুদ্ধে পকছ' আইনৰ অধীনত এক গোছৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ধৃত লম্পট জিউটক কঠোৰ শাস্তীদাবী কৰিছে স্থানীয় ৰাইজে । 
   
                     মাৰ্ঘেৰিটাৰ পৰা  ফাইজুৰ ৰহমানৰ ৰিপোৰ্ট অসম লাইভ |

Post Bottom Ad

Pages