বানপানীৰকৱলতপৰা_অঞ্চলপৰিদৰ্শন যুৱ নেতা মনিৰুজ জামানৰ | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 29 June 2020

বানপানীৰকৱলতপৰা_অঞ্চলপৰিদৰ্শন যুৱ নেতা মনিৰুজ জামানৰ |

বানপানীৰকৱলত পৰা অঞ্চলপৰিদৰ্শন যুৱ নেতা মনিৰুজ জামানৰ | 
                              বৰপেটা জিলাৰ বহু কেইখন গাওঁ বৰ্তমান বানৰ কৱলত । তাৰে ভিতৰত সৰুক্ষেত্ৰী সমষ্টিৰ  অন্তৰ্গত পাকাবেতবাৰী, জাৰাবাৰী, বালাৰভিঠা, ভুলুকাবাৰী, ভুলুকাবাৰী পাথাৰ, বৰবালা আদি গাওঁৰ প্ৰলয়ংকাৰী বানপানীৰ কবলত পৰা ঠাই সমূহ যুৱ নেতা মনিৰুজ জামান, সাংবাদিক আবু নাছিৰ আলমে আজি  পৰিদৰ্শন কৰে। জাৰাবাৰী চাৰিআলিৰ পৰা দাবালীয়াপাৰালৈ যোৱা ৰাস্তাটো চাৰিআলিটোৰ এশ মিটাৰমান পশ্চিমে যোৱাবাৰৰ প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰাৰ পিছত খোদ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাস্তাটো মেৰামতি কৰি দিব বুলি কথা দিছিল ।
পিছত বিধায়কৰ আশীৰ্বাদপুষ্ট কোনোবাই মেৰামতিৰ নামত কেই ট্ৰেক্টৰমান মাটি পেলায়েই দায়িত্ব সামৰাৰ ফলত ৰাইজে আজিও দুৰ্ভোগ ভুগিবলগীয়া হৈছে । ইয়াৰোপৰি জাৰাবাৰী বালাৰভিঠা পকী ৰাস্তাটো বৰ্তমান প্ৰায়খিনি পানীৰ তলত । ইফালে বৰবালাৰ চাৰি চেইন ৰোডত এককাল পৰ্যন্ত পানীয়ে সম্পূৰ্ণ ভাবে যাতায়ত ব্যহত কৰি জনসাধাৰণক মাধমাৰ শোধাইছে । বিশেষকৈ কিছু ব্যক্তিয়ে নিজ স্বাৰ্থৰ ভাবে পুখুৰী খান্দি দলং, কালপাৰ্টৰ মুখ বন্ধ কৰি থোৱাৰ ফলত  অঞ্চলটো বিশেষ অসুবিধাৰ সন্মূখীন হ'বলগীয়া হৈছে বুলিও মনিৰুজ জামানে দাবী কৰে । বানপানীৰ ৰুদ্ৰ মূৰ্ত্তি চাই মনিৰুজ জামানে জিলা প্ৰশাসনক অতি সোনকালে পানী ওলাই যোৱাৰ ব্যবস্থা কৰি দিবলৈ আহ্বান জনায় । ইয়াৰোপৰি অত্যাধিক পানীৰ ফলত গৰু, মহঁ, ছাগলী, হাহঁ, কুকুৰা আদিৰ খাদ্য সামগ্রী প্ৰশাসনৰ ফালৰপৰা অতি সোনকালে যোগান ধৰাৰ ব্যবস্থা কৰি দিব  লাগে বুলিও যুৱ নেতাগৰাকীয়ে আহ্বান জনাইছে ।
                       
                            নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages