সুদীৰ্ঘ বছৰীয়া অভেদ্য দৃৰ্গ তচনচ এইবাৰ যেন অস্তিত্বলৈ অশনি সংকেট । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 25 June 2020

সুদীৰ্ঘ বছৰীয়া অভেদ্য দৃৰ্গ তচনচ এইবাৰ যেন অস্তিত্বলৈ অশনি সংকেট ।

সুদীৰ্ঘ বছৰীয়া  অভেদ্য দৃৰ্গ তচনচ   এইবাৰ যেন অস্তিত্বলৈ অশনি সংকেট ।
২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত  কংগ্ৰেছ দলৰ বাবে আজি  মোক্ষম আঘাট ।

আজি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অচ্যিন্ত দাস সাধাৰণ সম্পাদক নিলাভজ্যোতি কোঁৱৰ  তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ অন্যতম সাধাৰণ সম্পাদক প্ৰৱীন ৰাজখোৱা মাৰ্ঘেৰিটা ব্লক মহিলা  কংগ্ৰেছ কমিটিৰ সভানেত্ৰী বন্তি কোঁৱৰ সম্পাদিকা দিপালী বৰা জিলা মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা মিতালী বৰুৱা অবিচি চেলৰ নেতা বিদ্যুত বৰুৱা  আদিয়ে |
 হোটেল ৰয়েল ট্ৰিটত সভা পাতি এই ঘোষণা এই সকল নেতাৰ । ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অচিন্ত্য  দাসে তেখেতৰ অজ্ঞাতে নতুনকৈ ব্লক কংগ্ৰেছ কমিটিৰ  সভাপতি হিচাপে নিৰ্বাচিত কৰাত ক্ষোভ প্ৰকাশ কৰে ।
দলীয় প্ৰাৰ্থী পৰাভূত হোৱাৰ পাছতো   দলৰ নেতা  প্ৰদ্যুত বৰদলৈ গৃহসমষ্টি এৰি  নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈ সাংসদ হোৱাৰ পাছতো  এই চাৰি বছৰে  দলৰ হৈ কাম কৰি যোৱা এই সকল নেতাৰ পদত্যাগে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
                      এই সকল নেতাই মুখ ফুটাই নক'লেও আভ্যন্তৰীণ সংঘাটৰ  বাবেই দলত্যাগ কৰাৰ কথা চৰ্চিত হৈছে   । নগাৱঁৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে নিজ খেয়ালখুচিমতে নগাৱঁৰ পৰা  ৰিমৰ্ট চলাই একনায়কত্ববাদী মনোভাৱেৰে  মাৰ্ঘেৰিটা কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি অহাটোৱেই এই পদত্যাগৰ কাৰণ বুলি অভিযোগ উঠিছে । 
        সাংসদ  প্ৰদ্যুত বৰদলৈৰ  নাম  দলৰ পৰবৰ্তী  ৰাজ্যিক সভাপতি হিচাপে  চৰ্চিত হৈ থাকোতেই  তেওঁৰ নিয়ন্ত্ৰণাধীন মাৰ্ঘেৰিটা কংগ্ৰেছতে এই গৰাখহনীয়াই তাৎপৰ্য বহন কৰিছে ।
   
    মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানৰ ৰিপোৰ্ট অসম লাইভ |

Post Bottom Ad

Pages