ৰঙিয়াৰ উদিয়ানাত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 29 June 2020

ৰঙিয়াৰ উদিয়ানাত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ।

ৰঙিয়াৰ উদিয়ানাত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ।
                    ৰঙিয়াৰ উদিয়ানাত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানত ককবকাইছে উদিয়ানাৰ কেইবা শতাধিক পৰিয়াল । প্ৰলয়ংকাৰী বানত শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে শিশু সকলে । ঘৰ-দুৱাৰ ভঙা একাংশ  বানাক্ৰান্তই আশ্ৰয় লৈছে ৰেল লাইনত । বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি ।
বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । খাদ্যৰ অভাৱত অনাহাৰে থাকিব লগা হৈছে বহু বানাক্ৰান্ত ৰাইজ । আনকি পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুকলৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত । বানত দুৰ্ভোগ ভুগি থকা এইসকল ৰাইজে বৰ্তমানলৈকে লাভ কৰা নাই কোনো বান সাহাৰ্য । ইমানৰ পিছতো কোনো গুৰুত্ব নাই প্ৰশাসনৰ । খবৰ লোৱাৰ আহৰি নাই জনপ্ৰতিনিধিৰ । বৰ্তমানলৈ চৰকাৰে সাহাৰ্য্য দিয়া নাই এই সকল বানাক্ৰান্তক ।

                       নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages