নগাঁও মমেন্টাম জুনিয়ৰ কলেজৰ বিজ্ঞান শাখাত টপাৰ ফলাফল কৰা মেৰাজুল ইছলামক সম্বৰ্ধনা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 25 June 2020

নগাঁও মমেন্টাম জুনিয়ৰ কলেজৰ বিজ্ঞান শাখাত টপাৰ ফলাফল কৰা মেৰাজুল ইছলামক সম্বৰ্ধনা

নগাঁও মমেন্টাম জুনিয়ৰ কলেজৰ বিজ্ঞান শাখাত টপাৰ ফলাফল কৰা মেৰাজুল ইছলামক সম্বৰ্ধনা |
   সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নগাঁও মমেন্টাম জুনিয়ৰ কলেজৰ ছাত্ৰ মেৰাজুল ইছলামে বিজ্ঞান শাখাত ৫০০ নম্বৰৰ ভিতৰত ৪৫২ পাই লগতে ৫ টা বিষয়ত লেটাৰ সহ শতকৰা ৯০•৪% নম্বৰ পাই মমেন্টাম জুনিয়ৰ কলেজৰ টপাৰ হিচাপে স্হান লাভ কৰে ।
এই সুসংবাদ পাই  আজি ২৫ জুন তাৰিখে সন্ধিয়া ৭ বজাত সুদুৰ নগাৱৰ  পৰা মমেন্টাম জুনিয়ৰ কলেজৰ  অধ্যক্ষ হবিবুৰ ৰহমান  আৰু  অধ্যাপক মাহবুব ৰহমান  আৰু অধ্যাপক  আফজালুৰ ৰহমানে মৰিগাঁও জিলাৰ লাহৰীঘাট গাওঁ পঞ্চায়তৰ  অন্তৰ্গত ১ নং ৱাৰ্ডৰ  বৰখাঁবল গাৱত  তেওঁ লোকৰ  টপাৰ ছাত্ৰ মেৰাজুল ইছলামৰ ঘৰত  উপস্থিত হৈ মেৰাজুল ইছলামৰ লগতে তেওঁৰ পিতৃ আব্বাছ আলী আৰু মাতৃ জুচনাৰা বেগমক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।
ইয়াৰ উপৰিও পৰিয়াললৈ মিঠাইৰ টোপোলা  আগবঢ়ায় ।মেৰাজুল ইছলামৰ  এনে ফলাফলে লাহৰীঘাট বাসীৰ লগতে পৰিয়ালৰ সকলোৱে উৎফুল্লিত হৈছে ।
              নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages