আম আদমি পাৰ্টীৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 2 July 2020

আম আদমি পাৰ্টীৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী



বৃহস্পতি বাৰে বিশ্বনাথ সমষ্টি আম আদমি পাৰ্টীৰ উদ্যোগত অভাৱনীয় ভাবে যি মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত, বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয় উক্ত কাৰ্য্যসূচীত মূল্যবৃদ্ধি ৰোধৰ শ্ল'গান দিয়াৰ লগতে বিজেপি চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদ কৰে। এই কাৰ্য্যসূচীত বিশ্বনাথ সমষ্টি আম আডমী পাৰ্টিৰ বহু বিষয়ববীয়াৰ লগতে উপস্থিত থাকে সম্পাদক বশিষ্ঠ শৰ্মা আৰু সমন্বয়ক প্ৰভাত কুমাৰ বৰা। বিশ্বনাথ সমষ্টি আম আদমি পাৰ্টীৰ উদ্যোগত বিশ্বনাথৰ উপায়োক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।


আনহাতে যোৱাকালি নগাঁও কলেজ চাৰিআলিত নগাওঁ জিলা আম আদমি পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত হৈছিল এক প্ৰতিবাদী কাৰ্যসূচী। দেশজুৰি অভাৱনীয় ভাবে যি মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ কাৰ্য্যসূচী গ্ৰহণ কৰে নগাওঁ জিলা আম আদমি পাৰ্টীয়ে। সু-শাসনৰ নামত বিজেপি চৰকাৰে দুখীয়া জনতাক লুটি খাইছে বুলি বিজেপি চৰকাৰক তুলাধূনা দিয়ে ধিং সমষ্টিৰ আম আদমি পাৰ্টীৰ সম্পাদক ৰাইহান উদ্দিনে।

Post Bottom Ad

Pages