জুৰীয়াৰ ফুৰহানআটি ৰহমানিয়া এম ই মাদ্ৰাছাত ব্যাপক দুৰ্নীতি । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 22 July 2020

জুৰীয়াৰ ফুৰহানআটি ৰহমানিয়া এম ই মাদ্ৰাছাত ব্যাপক দুৰ্নীতি ।

জুৰীয়াৰ ফুৰহানআটি ৰহমানিয়া এম ই মাদ্ৰাছাত ব্যাপক দুৰ্নীতি ।
                 প্ৰধান শিক্ষকে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ  scholarship ৰ নামত ধন লোৱাৰ অভিযোগ ।নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বালুচৰ ফুৰহানআটী ৰহমানীয়া এম ই মাদ্ৰাছাত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তি তথা scholarship দিয়াৰ নামত প্ৰধান শিক্ষকে টকা লোৱাৰ অভিযোগ তুলিছে একাংশ ছাত্ৰ ছাত্ৰী তথা অভিভাবকে ।

ৰাইজৰ অভিযুগ মতে  মুস্তাক আহমেদ, ইজাজুল হক, মুচাছিৰ আলম, কল্পনা খাতুনআৰু  ইশ্বাত আনোৱাৰ সপ্তম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কেইজনৰ পৰা প্ৰধান শিক্ষকে ৫০০ কৈ টকা লৈ Scholarship প্ৰদান কৰিব বুলি কৈছিল। কিন্তু ছাত্ৰ-ছাত্ৰী সকলে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তি নামত কোনো টকা পোৱা নাই। প্ৰধান শিক্ষককে স্কুলাৰশ্বিপৰ আবেদনৰ নামত ৫০০ টকাকৈ প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰাৰ অভিযুগ তুলি আজি বিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰী তথা অভিভাবক সকল উপস্হিত হৈ  প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

অতি সোনকালে টকা খিনি ঘুৰাই দিয়াৰ দাবি জনায়। আৰু নহলে আইনৰ কাষ চাপিব।
যি সময়ত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ নামত জিলা খনত লাখ লাখ টকাৰ দুৰ্নীতি পোহৰলৈ আহিছে সেই সময়ত এই  প্ৰধান শিক্ষক জনৰ  বিৰোদ্ধে চৰকাৰ তথা প্ৰশাসনে কিৱা ব্যৱস্থা লৱনে সেয়া লাখ টকীয়া প্ৰশ্ন।

         নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages