কামপুৰ কচুৱাত পুনৰ বানপানীৰ কালৰূপ। বছৰৰ তৃতীয়টো বানে বুৰাইছে বহু অঞ্চল। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 15 July 2020

কামপুৰ কচুৱাত পুনৰ বানপানীৰ কালৰূপ। বছৰৰ তৃতীয়টো বানে বুৰাইছে বহু অঞ্চল।

কামপুৰ কচুৱাত পুনৰ বানপানীৰ কালৰূপ। বছৰৰ তৃতীয়টো বানে বুৰাইছে বহু অঞ্চল।
ৰাজহ চক্ৰৰ অন্তৰ্গত লংজাপ মাজগাৱত ভগা মাথাউৰি দি সোমাইছে পানী।বিশ বছৰ ধৰি নিৰ্মাণ নহ'ল বৰপানী নৈৰ ভগা মাথাউৰি। পুনৰ বৰপানী নৈ বাঢ়ি অহাত ভগা মাথাউৰি দি পানী সোমাই প্লাবিত কামপুৰ কচুৱাৰ বহু গাঁও।

ৰাজ্য সৰ্বত্ৰতে চলিছে এতিয়া বান গৰাখহনীয়াৰ বিভিষিকা ।ৰাজ্যৰ বহু ঠাইত ভগ্ন মাথাউৰিৰে পানী সোমাই কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰি  গল।তেনে সময়তে আচৰিত ধৰণে নগাঁও জিলাৰ  ৰহা সমষ্টিৰ লংজাপ মাজগাৱত থকা বৰপানী নৈৰএটা মাথাউৰি বিশ বছৰে নিৰ্মাণ নহল ।বহু জনপ্ৰতিনিধি আহিল আৰু গল কিন্ত মাথাউৰিটো মেৰামতি নিৰ্মাণৰ বাবে যেন কাৰো চকুত নপৰে ।
 ফলত বৰপানী নৈ বাঢ়িলে প্লাবিত হয় বহু কেইখন গাওঁ। কিন্তু সেয়া চকুত নপৰে কোনো জনপ্ৰতিনিধিৰ। 
বানাক্ৰান্তৰ খবৰ লবলৈ আজি হঠাৎ















উপস্থিত হল ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস,বানাক্ৰান্তৰ এনে জটিল সময়ত বিধায়ক জনে মাথোঁ খবৰ লয় ৰাইজৰ,কিন্তু সহায় আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই ।








Post Bottom Ad

Pages