অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ গোমাফুলবাৰীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 22 July 2020

অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ গোমাফুলবাৰীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ।

অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাৰ গোমাফুলবাৰীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ।
       'কা' বিৰোধী কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ, ডাঃ কাফিল খান আৰু দেবেঙ্গনা কলিতাক বিনাচৰ্তে মুক্তি প্ৰদানৰ দাবীত আজি চেঙা  সমষ্টিৰ গোমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰত গোমাফুলবাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু  ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ সমাজকৰ্মী তথা ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল হুছেইনৰ নেতৃত্বত আজি অঞ্চলটোৰ সচেতন ৰাইজ আৰু ছাত্ৰ-যুৱ সমাজে আবেলি গোমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰলৈ ওলাই আহি  মানৱ শৃঙ্খল গঢ়ি তুলি এই প্ৰতিবাদ সাব্যস্ত কৰে।
 অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহ'ব, ডাঃ কাফিল খানক মুক্তি দিয়ক, দেবেঙ্গনা কলিতাক মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়, 'কা' আমি নামানো, জয় আই অসম আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি যুৱ সমাজকৰ্মী তথা ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল হুছেইনে অভিযোগ উত্থাপন কৰি কয়- অখিল গগৈক চৰকাৰে ৰাজনৈতিকভাৱে ভয় কৰে বাবেই ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখি ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজিছে। কিন্তু অসম আৰু অসমীয়া জাতি বিদ্বেষী বিজেপি দল আৰু চৰকাৰক অসমৰ ৰাইজে অনাগত নিৰ্বাচনত বিদায় দিব"।
                            নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages