ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচ কাৱাজ। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 26 July 2020

ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচ কাৱাজ।

ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচ কাৱাজ। 
         বিভিন্ন ৰাজনৈতিক দলে নিজৰ ভেটি মজবুত কৰিবলৈ টঙালি বান্ধিছে কঁকালত। সেই ক্ষেত্ৰত পিচ পৰি থকা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি। অসমৰ বিভিন্ন সমষ্টিৰ লগতে ধিং বিধানসভা সমষ্টিতো চলিছে আম আদমী পাৰ্টিৰ সদস্য ভৰ্ত্তিৰ অভিযান। ধিং বিধানসভা সমষ্টিৰ আপৰ সম্পাদক ইঞ্জিনিয়াৰ ৰাইহান উদ্দিনৰ নেতৃত্বত দুই শতাধিক যুবকে যোগদান কৰে আম আদমী পাৰ্টিত।আম আদমী পাৰ্টিৰ উন্নয়ন আৰু দুৰ্নীতি মুক্ত শাসনৰ প্ৰতি আকৃষ্ট হৈ যোৱা মঙ্গল বাৰে ধিং বিধানসভা সমষ্টিৰ শতাধিক কৰ্মী সমৰ্থকে অনলাইন যোগে যোগদান কৰে আপত।
অসমৰ ১২৬ টা সমষ্টিতে আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰি থকাৰ সময়তে কোন হ'ব ধিং সমষ্টিৰ প্ৰাৰ্থী তাকে লৈ দলৰ ভিতৰত চিন্তা চৰ্চা আৰম্ভ হৈছে।
দিল্লীত আম আদমী পাৰ্টিৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ বহুকেইজন যুব নেতা ধিং সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হব পাৰে সেয়া অনুমেয়। কিন্তু সময়ৰ লগতে আম আদমী পাৰ্টিৰ হাই কামাণ্ডে নিৰ্নয় কৰিব প্ৰাৰ্থীত্ব অাৰু বিগত ২০ বছৰে AIUDF ৰ দখলত থকা ধিং সমষ্টিৰ ৰাইজে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য।
                                
                            ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages