মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। বুজন পৰিমানৰ কফ চিৰাপ আৰু বিলাতি সুৰা সহ এজনক আটক। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 27 July 2020

মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। বুজন পৰিমানৰ কফ চিৰাপ আৰু বিলাতি সুৰা সহ এজনক আটক।

মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। বুজন পৰিমানৰ কফ চিৰাপ আৰু বিলাতি সুৰা সহ এজনক আটক।
      মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নিযুক্তিৰ পাছতে ড্ৰাগছ আৰু  অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে  মৰিগাঁও আৰক্ষীৰ সবল অভিযান তীব্ৰ হৈ পৰিছে । আজি মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰী এফ আৰ ইউৰ সন্মুখত দীৰ্ঘ দিনে অবৈধ ভাৱে নিচাযুক্ত কফ চিৰাপৰ ৰমৰমীয়া বেহা চলাই থকা ফিৰুজ আহমেদৰ ঘৰত তালাচি চলাই ৬৯ টা কফ চিৰাপ জব্দ কৰে।
আৰক্ষীৰ উপস্হিতিৰ উমান পাই ফিৰুজ আহমেদে পলায়ন কৰে। ইফালে মৈৰাবাৰী মাজ মজিয়াত মুকলিকৈ বিলাতি সুৰাৰ দোকান দিয়া পুছপতীয়া চৌহান নামৰ মহিলাগৰাকীৰ ঘৰত তালাচি চলাই বুজন পৰিমানৰ বিলাতী সুৰা সহ পুছপতিয়াৰ পুত্ৰ অজয় ছাহানীক(FILE-2) আটক কৰিবলৈ সক্ষম হয়।  ড্ৰাগছ আৰু বিলাতিসুৰাৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযানক আদৰণী জনাইছে মৈৰাবাৰী বাসীয়ে ।
                                          ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages