লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ ঘোচখোৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ দাখিল - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 21 July 2020

লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ ঘোচখোৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ দাখিল

লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ ঘোচখোৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ দাখিল |
           নগাঁও জিলাৰ লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত এগৰাকী অঙ্গনবাদী কৰ্মীৰ কৰ্ম-কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে ৷
অঙ্গনবাদী কৰ্মী গৰাকী হৈছে লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত ১২৫ নম্ভৰ অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী আকলিমা আহমেদ ৷
কৰ্মী গৰাকীযে ঘোচৰ টকা মুকলি কৈ লোৱাৰ এক গুৰুতৰ অভিযোগ তুলিছে কেবাগৰাকী প্ৰসূতি মাতৃয়ে ৷ ঘটনা সন্দৰ্ভত কৰ্মীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ তথ্যসহ লাওখোৱা শিশু বিকাশ প্ৰকল্পৰ বিষয়াৰ জৰিয়তে নগাঁও জিলা সমাজ কল্যান বিভাগৰ বিষয়ালৈ এক লিখিত অভিযোগ দাখিল কৰিছে ৷
প্ৰাপ্ত অভিযোগ মতে কৰ্মী আকলিমা আহমেদে প্ৰধান মন্ত্ৰী মাতৃ বন্ধনা যোজনা আঁচনিৰ নামত মুকলিকৈ ১০০০ পৰা-১৫০০ টকাকৈ লৈ আঁচনিৰ ধন মোকলাই দিয়ে ৷টকা নিদিলে আঁচনিৰ ধন হিতাধিকাৰীয়ে নাপায় ৷কোনোবাই চৰকাৰী আঁচনি বিনামূলীয়াকৈ লাভ কৰিব লাগে বুলি কলে কৰ্মীগৰাকীয়ে বিভাগীয় বিষয়া-কৰ্মচাৰীক ঘোচৰ টকা নিদিলে আঁচনিৰ ধন কোনেও নাপায় ৷যাৰ বাবে দুখীয়া হিতাধিকাৰীয়ে  ঘৰৰ হাঁহ-কুকুৰা,গহনাপাতি আদি বিক্ৰী কৰি হলেও কৰ্মীগৰাকীক ঘোচ প্ৰদান কৰে ৷
এই ঘোচখোৰ কৰ্মীগৰাকীৰ বিৰুদ্বে শীৰ্ঘেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উৰ্ধতম কতৃপক্ষৰ ওচৰত দাবী জনাইছে ৷
                               
                                          নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages