আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বন্ধা ৰূপহীহাট সমষ্টিৰ বিজেপি নেতা হবিবুৰ ৰহমান | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 25 July 2020

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বন্ধা ৰূপহীহাট সমষ্টিৰ বিজেপি নেতা হবিবুৰ ৰহমান |

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বন্ধা ৰূপহীহাট সমষ্টিৰ বিজেপি নেতা হবিবুৰ ৰহমান |
          গোটেই অসমত বিখ্যাত ৰূপহীহাট সমষ্টিৰ বিজেপি নেতা হবিবুৰ ৰহমান ওৰফে বাবুলৰ নেতৃত্বত শণিবাৰে ৰূপহীহাট সমষ্টিৰ শতাধিক যুবকে বিজেপি দলত যোগদান কৰে। বিজেপি দলৰ নীতি আদৰ্শ আৰু নৰেন্দ্ৰ মোডীৰ সক্ৰিয় নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ এনেকৈয়ে প্ৰতিদিনে শ শ যুবকে ৰূপহীহাট বিজেপিৰ ভেটি মজবুত কৰা দেখা গৈছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বন্ধা বিজেপি দলৰ জন সংবাদ ৰেলিৰ সময়তে ৰূপহীহাট সমষ্টিত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচন কেন্দ্ৰিক ঢৌৰ। পূৰ্বেও আক্ৰাছু আৰু যুব কংগ্ৰেছৰ সক্ৰিয় সদস্য সকলে স্বেচ্চাই বিজেপি নেতা হবিবুৰ ৰহমানৰ বাসগৃহত উপস্থিত হৈ বিজেপি দলত যোগদান কৰিছিল।
নিৰ্বাচনৰ আগে আগে এনেদৰে বিজেপি দলত যোগদান কৰিবলৈ স্বতঃস্ফুৰ্তভাৱে যুৱচাম ওলাই অহা কাৰ্য্যই ৰূপহীহাট সমষ্টিৰ বিজেপিৰ বাবে এক শুভ লক্ষণ। আগন্তুক বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিত বিজেপি এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিব সেয়া ভোটাৰ ৰাইজে পূৰ্ব-অনুমান কৰিব পাৰিছে।
কংগ্ৰেছৰ দুৰ্গত এনেকৈয়ে প্ৰতিদিনে  খহনীয়াৰ সৃষ্টি হৈ বিজেপিত যোগদানৰ কাৰ্য্যসূচী অব্যাহত থাকিলে আগন্তুক বিধানসভা নিৰ্বাচনত আকৌ DJ বজাই বিজয় উল্লাস কৰিব বিজেপি নেতা হবিবুৰে.... 

ব্যুৰো ৰিপোৰ্ট অসম লাইভ।



Post Bottom Ad

Pages