ৰূপহীহাটত ৰাষ্টীয় বিদ্যাৰ্থী দিৱস পালন। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 9 July 2020

ৰূপহীহাটত ৰাষ্টীয় বিদ্যাৰ্থী দিৱস পালন।

ৰূপহীহাটত ৰাষ্টীয় বিদ্যাৰ্থী দিৱস পালন। 
            অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰূপহী শাখাই ৰূপহী শংকৰদেৱ শিশু নিকেতন পেক্ষাগৃহত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসৰ। ৰাজ্যজুৰি মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদৰ সীমিত সংখ্যক কৰ্ম-কৰ্তাই সামাজিক দূৰত্ব বজাই ৰাখি মাক্স পৰিধান কৰি অংশ গ্ৰহণ কৰে অনুষ্ঠানত। পৰিৱেশ প্ৰতি সজাগতাৰ সৃষ্টিৰ বাবে পৰিষদৰ কৰ্ম-কৰ্তা সকলে ৰূপহীহাট আৰক্ষী থানা চৌহদকে ধৰি ৰূপহীহাটৰ ভিবিন্ন ঠাইত গছ পুলি ৰোপন কৰে।
 লগতে মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ যু্দ্ধত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে ৰাতিয়ে কৰ্তব্যত নিয়োজিত হৈ থকা  আৰক্ষীৰ লোক সকলক মানসিক ভাৱে উৎসাহ দিয়াৰ উদ্দেশ্যে ৰূপহীহাট আক্ষৰী থানৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৰূপহীহাট আৰক্ষী থানাৰ আৰক্ষী সকলৰ মাজত মাক্স বিতৰন কৰে। উল্লেখ্যযোগ্য যে  ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এইবেলি ৭২ সংখক বিদ্যাৰ্থী দিৱস।

                  নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages