কাৰ্বি আংলঙৰ ডকমকাত তেল ডিপ'ত ডিজেলত পানী ওলোৱাক লৈ তীব্ৰ প্ৰতিবাদ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 9 July 2020

কাৰ্বি আংলঙৰ ডকমকাত তেল ডিপ'ত ডিজেলত পানী ওলোৱাক লৈ তীব্ৰ প্ৰতিবাদ

কাৰ্বি আংলঙৰ ডকমকাত তেল ডিপ'ত ডিজেলত পানী ওলোৱাক লৈ তীব্ৰ প্ৰতিবাদ |
                কাৰ্বি আংলঙৰ ডকমকাত তেল ডিপ'ত ডিজেলত পানী| Indian Oil ৰ Highway Service Station ত এই ঘটনা | কাৰ্বি আংলঙৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ডকমকাৰ একমাত্ৰ তেল ডিপ'টোত এনে ঘটনা সংঘটিত হোৱাত চালক - কৃষক - গাড়ীৰ গৰাকীসকলো চিন্তিত হৈ পৰিছে |
একমাত্ৰ তেল ডিপ'টোত এনে ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |
কৃষক - যান বাহন চালক প্ৰতিবাদ |পৰিস্থিতিৰ বুজ লয় ডকমকা আৰক্ষীয়ে |ডিজেলত পানী মিহলিৰ অভিযোগ দীৰ্ঘদিনীয়া | বৃহস্পতিবাৰে তেল ক্ৰয় কৰালোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত তেল ডিপ'টোৰ কিছু তেল পেলাই দিবলৈ বাধ্য হয় তেল ডিপ' কৰ্তৃপক্ষ | ইতিমধ্যে ডিপ' কৰ্তৃপক্ষই ডিজেলত পানী মিহলি আছে বুলি স্বীকাৰ কৰি জিলা উপায়ুক্ত কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে | ডিপ'টোৰ কৰ্তৃপক্ষই গ্ৰাহকে ক্ৰয় কৰা পানী মিহলি ডিজেল সলাই দিয়াৰ লগতে পৰৱৰ্তী সময়ত এনে ঘটনা সংঘটিত নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে |
                 
                             নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages