বিপদজনক অৱস্থাত ধিং -শিলঘাট মথাউৰি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 2 July 2020

বিপদজনক অৱস্থাত ধিং -শিলঘাট মথাউৰি



  • বিপদজনক অৱস্থাত ধিং -শিলঘাট মথাউৰি ৷ 
  • উজাগৰী নিশা কটাইছে নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ  ৰাইজ ৷ 

নগাঁও জিলাৰ ধিং- শিলঘাট মথাউৰিটো সম্প্ৰতি    বিপদজনক অৱস্হাত থকাত নগাঁও জিলাৰ উত্তৰ- পশ্চিমাঞ্চলত  সৃষ্টি হৈছে হাহাকাৰময় পৰিস্হিতিৰ ।৷ব্ৰহ্মপু্ৰ নদীৰ বাঢ়নী পানীক ভেটা দিবলৈ 1952 চনত স্হাপন কৰা মথাউৰিটোৰ ম্যাদ কাহানিবাই উকলি গল যদিও জলসম্পদ বিভাগে মথাউৰিটোৰ ৰৌমাৰী বন শিবিৰৰ পৰা মৈশালকুৰ বনশিবিৰলৈ প্ৰায় 10 কিলমিটাৰ অঞ্চলত পুননিৰ্মন বা মেৰামতি নকৰাৰ বাবেই ঠাইয়ে ঠইয়ে ভাঙি ছিগি অতি জৰাজীৰ্ণ অৱস্থাত আছে৷ বিশেষকৈ  ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁতে কালৰূপ ধাৰন কৰি দন্দুৱা বন শিবিৰ এলেকাৰ খেজুৰতলত মথাউৰিটোৰ আধা অংশ খহাই নিয়াত নগাঁও জিলাৰ উত্তৰাঞ্চলৰ 30 খনতকৈ অধিক গাৱঁৰ ৰাইজে   উজাগৰী নিশা কটাব লগীয়া হৈছে ৷ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে খহাই নিয়া ঠাইখিনি মেৰামতি কৰি দিবলৈ ৰাইজে বিভাগীয় কৰ্ত্তৃপক্ষক আবেদন কৰাৰ পিছতো গুৰুত্ব নিদিয়াত ৰাইজে  দিনে নিশা পহৰা দি থাকিবলগীয়া  হৈছে ৷ কেবল সেয়াই নহয় লাওখোৱা অভয়াৰন্যৰ ৰৌমাৰী বন শিবিৰৰ পৰা মৈশালকুৰ বন শিবিৰলৈকে   মথাউৰিটোৰ আৰু কেইবাঠাইতো জৰাজীৰ্ণ হৈ থকাৰ লগতে নিম্নাংশত কেইবাঠাইতো পানীৰ ফোৱাৰাৰ সৃষ্টিহোৱাত মথাউৰি ছিঙাৰ আশংকাত চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ মৎস্যপাল তথা কৃষকসকল ৷ মথাউৰিৰ বিপদজনক হৈথকা ঠাই কেইটা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে ৷

Post Bottom Ad

Pages