নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ ৷ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 25 July 2020

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ ৷

নগাঁৱত বন বিভাগৰ অভিযানত  অবৈধ কাঠফলা মিল জব্দ ৷
             গনবাৰ্তা/জুৰীয়া/ ২৫ জুলাই : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ় নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে আজি জিলাখনৰ জুৰীয়াৰ  কেন্দুগুৰী অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি জুৰীয়া কেন্দুগুৰী অঞ্চলৰ  হছমত আলি আৰু মহম্মদ আলি নামৰ লোক দুজনে অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল।
এই মিল সমূহত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি বন বিভাগৰ  দলটোৱে অভিযান চলাই মিল দুটা জব্দঃ কৰি নগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে। আনহাতে নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত চলা আন এক অভিযানত বন বিভাগৰ লোকে জিলা খনৰ ৰূপহী হাটৰ সমীপৰ লতাবত  জামান উদ্দিন নামৰ লোকজনৰ ঘৰৰ পৰা  অবৈধ কাঠ মিল উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ জব্দঃ কৰিবলৈ সক্ষম হয়। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে  নগাঁও জিলা বন বিভাগে এনেদৰে মাজে মাজে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে  অভিযান চলাই  দুই এটা মিল জব্দ কৰি আহিছে যদিও জিলা খনৰ বিভিন্ন স্থানত বৰ্তমানেও বহু অবৈধ কাঠফলা মিল চলি  আছে। এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমী সকলে মিল সমূহ বন্ধ কৰি প্ৰকৃতিক ধ্বংশৰ পৰা ৰক্ষা কৰিবলৈ নগাঁও জিলা বন বিভাগক দাবী জনাইছে।             
                               
              ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages