মৈৰাবাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বনবিভাগৰ অভিযান। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 9 July 2020

মৈৰাবাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বনবিভাগৰ অভিযান।

মৈৰাবাৰীত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বনবিভাগৰ অভিযান।
                     অবশেষত কুম্ভকৰ্ণ নিদ্ৰা ভাঙিল বনবিভাগৰ। আজি হঠাৎ মৈৰাবাৰী চলিথকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই দুখন কৈ মিলৰ মেচিন সমুহৰ লগতে কাঠ জব্দ কৰি লৈ যায়। আজিৰ এই বনবিভাগৰ দলটোত থাকে নগাঁও বনবিভাগৰ এছ ছি এফ শান্তনু বৰুৱাৰ লগতে পি আৰ অ শ্বামিম আক্তাৰা আৰু মৰিগাঁও বনবিভাগৰ বন বিষয়া ছাইদুৰ ৰহমান।
অবৈধ কাঠফলা মিল দুখনৰ গৰাকী আছিল ক্ৰমে নিজ ধিঙৰ আব্দুল মুতালিব আৰু উলুবাৰীৰ মুস্তাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে আনহাতে বাকী থকা আৰু চাৰিখন মিল ৰ বিৰুদ্ধে কেতিয়া অভিযান চলাব নে কিবা গোপন বুজা বুজি হব তাক লৈ মৈৰাবাৰীবাসীৰ মাজত গুনগুননি সৃষ্টি হৈছে।
 
                           মৈৰাবাৰীৰ পৰা ৰাব্বুল হুছেইন মুক্তাৰৰ ৰিপৰ্ট অসম লাইভ।

Post Bottom Ad

Pages