মাজদিয়া ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খান আৰক্ষীৰ জালত। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 29 July 2020

মাজদিয়া ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খান আৰক্ষীৰ জালত।

মাজদিয়া ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খান আৰক্ষীৰ জালত।
       বিগত 43 দিনেই পলাতক হৈ থকা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত চাঞ্চল্যকৰ  ট্ৰাক হাইজেক কাণ্ডৰ মাষ্টাৰমাইণ্ড তথা মূল অভিযুক্ত আলতাফ খান অৱশেষত আৰক্ষীৰ জালত পৰিছে। ধৃত আলতাফ খানৰ ঘৰ সৰ্থেবাৰীৰ পশ্চিম মাজদিয়াত । বৰপেটা জিলাৰ  আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নেতৃত্বত আৰু সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত  ,সৰ্থেবাৰী আৰক্ষীৰ সহযোগত  আজি মাজদিয়া আৰক্ষীয়ে বৰপেটা টাউনৰ  পৰা বিশেষ খবৰৰ ভিত্তিত ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, লখৰাৰ  আইটিচিৰ পৰা শিৱসাগৰলৈ ট্ৰাকখনত বিভিন্ন খাদ্য-সামগ্ৰীৰ লগতে অত্যাৱশকীয় বস্তু পঠাইছিল মদন মোহন অবেৰয় এণ্ড কোঃ নামৰ কোম্পানীটোৱে। ট্ৰাকচালক চহিদুল ইছলামৰ লগত বুজাবুজিৰে আলতাফ খানে হাইজেক কৰিছিল ট্ৰাকখন। ট্ৰাকখনৰ নম্বৰ  AS01-HC 4090.  । যোৱা 15জুনত সৰ্থেবাৰীৰ মাজদিয়াত উদ্ধাৰ  হৈছিল হাইজেক হোৱা ট্ৰাকখন। পৰিবহন কোম্পানী আৰু ট্ৰাকখনৰ গৰাকীয়ে মাজদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল । সৰ্থেবাৰী থানাত ৰুজু হোৱা 207/2020 নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ 395 ধাৰাৰ অধীনত ট্ৰাক হাইজেক কাণ্ডটোত জৰিত থকাৰ অভিযোগত  চালকসহ চাৰিজন অভিযুক্তক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল মাজদিয়া  আৰক্ষীয়ে। ট্ৰাক হাইজেক কাণ্ডত জৰিত থকাৰ অভিযোগত মুঠ পাঁচটা  দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages