গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তত আৰক্ষীৰ গুলিচালনা, 42 টা গৰু জব্দ আৰক্ষীৰ ৷ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 13 August 2020

গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তত আৰক্ষীৰ গুলিচালনা, 42 টা গৰু জব্দ আৰক্ষীৰ ৷

গোলকগঞ্জৰ  ভাৰত বাংলা সীমান্তত আৰক্ষীৰ গুলিচালনা, 42 টা গৰু জব্দ আৰক্ষীৰ ৷ 

               



অসম Live
ধুবুৰী ,12-08-2020

গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তৰ নদী সীমান্তত  আৰক্ষীৰ গুলিচালনা ৷ 42 টা গৰু জব্দ ৷ কেইবাজনো গৰু সৰৱৰাহকাৰীৰ গংগাধৰ নৈত জাপ দি পলায়ন ৷ উদ্ধাৰ গৰু সৰৱৰাহ কৰা যন্ত্ৰচালিত নাও ৷  আনহাতে সীমান্তৰ চৌকিচৰৰ পৰাও বি এছ এফে জব্দ কৰিলে ডেৰশ টা গৰু ৷ 
       সীমান্তত আৰক্ষী আৰু বিএছ এফৰ গৰু সৰৱৰাহ কাৰীৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান ৷ ভাৰত বাংলা সীমান্তৰ ৰৌৰাৱকুটিত  নিশা গংগাধৰৰ নৈৰ বুকুৰ পৰা জব্দ কৰে 42 টা গৰু ৷ গংগাধৰ  নৈয়ে দি  গৰু সৰৱৰাহ হোৱাৰ খৱৰ পাই নৈত খাপ পিটি আছিল গোলকগঞ্জ আৰক্ষী ৷ পিছত আৰক্ষীয়ে প্ৰত্যক্ষ কৰে গৰু ভৰ্তি বাংলাদেশ অভিমুখি এখন নাও ৷ নৈ ত গৰু সৰৱৰাহ কাৰীৰ নাও লৈ চোচো লয় যদিও আৰক্ষীক কেৰেপ নকৰাত গুলিচালনা কৰে আৰক্ষীয়ে ৷  আৰক্ষীৰ গুলিচালনাৰ ফলত গংগাধৰ নৈত জাপ দি পলায়ন কৰে  6/7 জনীয়া গৰু সৰৱৰাহ কাৰীৰ দল ৷  পিছত আৰক্ষীয়ে গৰু সৰৱৰাহ কাৰীয়ে ব্যবহাৰ কৰা 42 টা গৰুৰে গিজগিজাই থকা নাও জব্দ কৰিৱলৈ সক্ষম হয় ৷ সীমান্তৰ চৌকিচৰ এলাকাৰ পৰাও বি এছ এফে জব্দ কৰে ডেৰশ টা গৰু ৷

                    

Post Bottom Ad

Pages