জালিয়াতীৰ বাবে কলেজৰ অধ্যাপক হব লগা হ'ল ৰঙা ঘৰৰ আলহী। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 1 August 2020

জালিয়াতীৰ বাবে কলেজৰ অধ্যাপক হব লগা হ'ল ৰঙা ঘৰৰ আলহী।

জালিয়াতীৰ  বাবে কলেজৰ অধ্যাপক হব লগা হ'ল  ৰঙা ঘৰৰ আলহী।    
        এজন অধ্যাপকৰ নিৰ্লজ কাণ্ড। কৃত কৰ্মৰ বাবে অধ্যাপক হল ৰঙাঘৰৰ আলহি। হয়, এওঁৰ নাম ছাইকুল ইছলাম। ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লোচনাবড়ীৰ ১ নং ৱাৰ্ডত। পেছাত এওঁ এজন অধ্যাপক। নগাঁও হাতিচোং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক এওঁ । কিন্তু ভণ্ড অধ্যাপক ছাইকুলে যি কাম কৰিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। ছাইকুলৰ বিৰুদ্ধে অভিযোগ  ।

এক - ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত  সংখ্যালঘু ছাত্ৰ বৃত্তিৰ লাখে লাখে  টকা আত্মসাৎ
দুই - চাকৰিৰ প্ৰলোভন দি একাধিক লোকৰ পৰা ধন আত্মসাত কৰি প্ৰৱঞ্চনা |

তিনি -  নিজৰ স্নাতক শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ নামতো জালিয়াতী 
                             এনেবোৰ অভিযোগৰ বাবেই প্ৰৱঞ্চক, লুণ্ঠনকাৰী আৰু চাৰ্টিফিকেট জালিয়াতীৰে শিক্ষানুষ্ঠানক কলংকিত কৰা ছাইকুল ইছলামৰ আজিৰ পৰা ঠিকনা হ'ল নগাঁও জিলাৰ হাতিচোং কলেজৰ বিপৰীতে ৰঙা ঘৰ।নগাঁও জিলাৰ কাৱৈ মাৰীৰ পৰা মৰিগাঁও আৰক্ষী আৰু মৈৰাবাৰী আৰক্ষীয়ে বৃহস্পতি বাৰে আটক কৰে ছাইকুলক। নিশাটো সোধ পোছৰ পাছত আজি ভণ্ড অধ্যাপক ছাইকুল ইচলামৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ  ৪৬৮/৪৭১/৪২০/৪০৯/ ৪০৬/৫০৬/ ৩৪ ধাৰাৰ অধিনত ৪০৫/২০ নম্বৰত এটি গোচৰ পঞ্জিয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে  মৈৰাবাৰী আৰক্ষীয়ে ।
                        নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages