পবিত্ৰ ঈদৰ দিনাই অঘটন:দৰঙৰ বুঢ়ীগাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 1 August 2020

পবিত্ৰ ঈদৰ দিনাই অঘটন:দৰঙৰ বুঢ়ীগাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা |

পবিত্ৰ ঈদৰ দিনাই অঘটন:দৰঙৰ বুঢ়ীগাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা|
                
                   বুঢ়ীগাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত বাইক আৰোহী:অঞ্চল জুৰি শোকৰ ছাঁ৷
দৰঙৰ বুঢ়ীগাওত পবিত্ৰ ঈদৰ নিশাতেই সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন  বাইক আৰোহী ৷প্ৰাপ্ত তথ্য মতে, তেজপুৰ অভিমুখে  AS.01.FC.7277 নম্বৰৰ মালভৰ্তি ট্ৰাক গৈ থকাৰ অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS13L2001 নম্বৰৰ  NS100 বাইক খনৰ লগত মুখামুখি সংঘৰ্ষ হয়৷ঘটনাটো সংঘটিত হয় দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীগাঁওৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজ মজিয়াত ।
যাৰ ফলত দলগাৱঁৰ যুৱক ছাব্বিৰ আলী আহমেদ ওৰফে ৰাজা  (৩০) থিতাতে নিহত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে  ছাব্বিৰৰ ঘৰৰ মানুহ তথা দলগাওঁ আৰক্ষীক খবৰ দিয়ে।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দলগাৱত শোকৰ ছাঁ পৰিছে৷

          ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages