বঙাইগাঁৱৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ গৰ্ভৱতী মহিলা আৰু কণ কণ শিশুৰ মাজত পচা, পোক পৰুৱা যুক্ত খাদ্য সামগ্ৰী যোগান। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াঃ* - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 14 August 2020

বঙাইগাঁৱৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ গৰ্ভৱতী মহিলা আৰু কণ কণ শিশুৰ মাজত পচা, পোক পৰুৱা যুক্ত খাদ্য সামগ্ৰী যোগান। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াঃ*

 বঙাইগাঁৱৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ গৰ্ভৱতী মহিলা আৰু কণ কণ শিশুৰ মাজত পচা, পোক পৰুৱা যুক্ত খাদ্য সামগ্ৰী যোগান। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াঃ

    

অসম Live
বঙাইগাঁও, 14-08-2020
  
                    শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ জড়িয়তে কৌটি কৌটি টকা ব্যয় কৰি আহিছে যদিওঁ সেয়া প্ৰকৃততে সঠিক ৰূপত খৰছ হৈছেনে? চৰকাৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্যৰ লগতে উন্নতমানৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে যদিওঁ একাংশ বিষয়া কৰ্মচাৰীয়ে চৰকাৰৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে নিম্নমানৰ খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ তথ্য পোহৰলৈ আহিছে। সদ্যহতে সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পই প্ৰায় ২৫০ টা অংগনাৱাদী কেন্দ্ৰৰ মাজত চাউল আৰু মটৰ বিতৰন কৰিছে যদিওঁ সেয়া সম্পুৰ্ণৰূপে নিম্নমানৰ। চাউলবোৰ প্ৰায় গেলি পচি যোৱাৰ লগতে ডাঙৰ ডাঙৰ পোক-পৰুৱা যুক্ত। এইবোৰ চাউল গৰ্ভৱতী আৰু মহিলাই খাদ্য হিচাপে গ্ৰহন কৰিলে নিসন্দেহে বেমাৰ আজাৰ হোৱাটো নিশ্চিত। প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে উন্নত মানদণ্ডৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ নিৰ্দেশৰ পিছতো কিয় সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পই অতি নিম্নমানৰ খাদ্য সামগ্ৰী যোগান ধৰিছে সেয়া ৰহস্যৰ আৱৰ্তত।


Post Bottom Ad

Pages