- Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 19 August 2020

 ড্ৰাগছৰ বিৰুদ্ধে  মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ ধাৰাবাহিক অভিযান |

          


অসম Live
মৈৰাবাৰী,19-08-2020
       
                     ড্ৰাগছৰ বিৰুদ্ধে  মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ ধাৰাবাহিক অভিযান। বুধ বাৰে মৈৰাবাৰী থানাৰ উপ-পৰিদৰ্শক কল্পজ্যোতি বৰাৰ নেতৃত্বত চলা  অভিযানত বুজন পৰিমানৰ নিচা জাতীয় সামগ্ৰী আৰু  ড্ৰাগছ সহ দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক। মৈৰাবাৰী আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ নাম - হাটীমুৰীয়া গাঁৱৰ আটিকুল ইছলাম (২৫) আৰু ছাদ্দাম হুছেইন (২২)। ড্ৰাগছ সৰবৰাহ কাৰী কেইটাৰ পৰা আৰক্ষীয়ে কফ চিৰাপ ২৩ বটল, Nitrozepam 10 tablet  ৪৫ টা, Complax C + ৫০০ টাৰ বাহিৰেও কিছু সন্দেহ জনক ড্ৰাগছ জাতীয় বস্তু উদ্ধাৰ কৰিছে। ঘটনাৰ সন্দৰ্ভত মৈৰাবাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধিনৰ ২১( C) NDPS Act ধাৰাত ৪৪৩/২০ নম্বৰত এটি গোচৰ পঞ্জিয়ন কৰি দুয়োটা সৰবৰাহ কাৰীকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
                        মৈৰাবাৰীৰ পৰা ৰাব্বুল হুছেইন মুক্তাৰৰ ৰিপৰ্ট অসম লাইভ |

Post Bottom Ad

Pages