- Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 26 August 2020

 নিমাৰ্ণ সম্পূৰ্ণ হোৱাৰ কেবা বছৰৰ পিছতো মুকলি নহল  কন্দলী নিবুকালিৰ উপ স্বাস্থ্য কেন্দ্ৰ। 

অসম Live

বঢ়মপুৰ,27-08-2020

                     নিমাৰ্ণ  সম্পূৰ্ণ হোৱা কেবা বছৰৰ পিছতো মুকলি নহল কন্দলী নিবুকালিৰ উপ স্বাস্থ্য কেন্দ্ৰ। যাৰ বাবে অতি ভিতৰুৱা অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। 

এয়া প্ৰফুল্ল কুমাৰ মহন্তৰ বঢ়মপুৰ সমষ্টিৰ  উন্নয়ৰ নমুনা । স্বাস্থ্য  খণ্ডৰ আমুল পৰিবৰ্তনৰ ফিটাহি মাৰা তেনেই অসাৰ প্ৰতিপন্ন হল ।  তিনিটা কাৰ্য্যকালত স্বাস্থ্য মন্ত্ৰী হৈ থকা আৰু বৰ্তমানৰ  চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মান সম্পুৰ্ণ হোৱা স্বতেও  মুকলি কৰিব নোৱাৰিলে এখন স্বাস্থ্য কেন্দ্ৰ। উল্লখ্য যে   নিমাৰ্ণ কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পাছতো নগাঁও জিলাৰ কন্দলী নিবুকালি উপ স্বাস্থ্য কেন্দ্ৰ বৰ্তমানলৈকে মুকলি কৰিব নোৱাৰাতো চৰকাৰ খনৰ বিফলতাকে সুচায় । জানিব পৰা মতে কিছুদিন  আগতে চিকিৎসালয় খনত এগৰাকী চিকিৎসক নিযুক্তি দিয়া হৈছিল যদিও কভিড ৰোগীৰ চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী লৈ  যোৱা হয়। 

চিকিৎসালয় মুকলি নোহোৱাৰ  ফলত স্থানীয় ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত ভোগাৰ লগতে চিকিৎসালয়ৰ চৌহদত হাবি জংঘলৰে ভৰি চৰনীয়া পথাৰলৈ ৰূপান্তৰিত হৈছে । লগতে চিকিৎসালয় খনৰ আচবাব সমূহ নষ্ট হোৱাৰ লগতে  চিকিৎসালয় খনৰ কিছু যন্ত্ৰ পাতি অন্য চিকিৎসায়লৈ স্থানান্তৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে। 
                               
                      কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ প্ৰতিবেদন অসম লাইভ।  


Post Bottom Ad

Pages