এগৰাকী সম্পূৰ্ণৰূপে অাধুনিক মানুহ আছিল ডঃ নাৰায়ণচন্দ্ৰ গোস্বামী। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 11 August 2020

এগৰাকী সম্পূৰ্ণৰূপে অাধুনিক মানুহ আছিল ডঃ নাৰায়ণচন্দ্ৰ গোস্বামী।

 এগৰাকী সম্পূৰ্ণৰূপে অাধুনিক মানুহ আছিল ডঃ নাৰায়ণচন্দ্ৰ গোস্বামী। 

             তেখেতৰ মৃত্যু সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে  ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱা ।

 প্ৰসিদ্ধ বৈষ্ণৱ পণ্ডিত , শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক,  অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ডঃ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰি বিশিষ্ট পণ্ডিত, লেখক- গবেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই কয় যে-   'নাৰায়ণচন্দ্ৰ গোস্বামী পৰম্পৰাবাহিত সত্ৰীয়া সংস্কৃতি আৰু আধুনিক প্ৰযুক্তিবিদ্যাদায়িত আধুনিকতা_ এই দুয়োটাৰ মাজৰ সমন্বয়ৰ সাঁকো আছিল। তেখেত সত্ৰাধিকাৰ হ'লেও তেখেতৰ ব্যৱহাৰিক জীৱন সম্পূৰ্ণ আধুনিক মানুহৰ দৰে।'  ড০ বৰুৱাই মাজুলীৰ নতুন কমলাবাৰী সত্ৰাধিকাৰ গৰাকীক 'সৰল স্বভাৱমুগ্ধ ব্যক্তিত্বৰ অধিকাৰী' বুলি উল্লেখ কৰি পুনৰ কয় : 'সমসাময়িক সত্ৰীয়া পদাধিকাৰী সকলৰ মাজত পৰম্পৰাগত বিধি-বিধানেৰে থাকিও নাৰায়ণচন্দ্ৰ গোস্বামী ব্যতিক্ৰম। তেখেতৰ চিন্তা-বুদ্ধি-পাণ্ডিত্য-প্ৰতিভা ব্যাপ্তিপূৰ্ণ আৰু সু-উচ্চ। সমন্বয়ৰ মাজেৰে জাতীয় জীৱন আৰু সংস্কৃতিক উজলাই তোলাৰ ক্ষেত্ৰত তেখেতৰ যি ইতিবাচক দৃষ্টিচেতনা_ দেশৰ ভিন ভিন প্ৰান্তত প্ৰদান কৰা বক্তৃতা সমূহত প্ৰতিফলিত হৈছে।'

সত্ৰ-ৰত্ন সন্মানেৰে সন্মানিত নাৰায়ণচন্দ্ৰ গোস্বামীক অসমৰেই নহয়, সমগ্ৰ দেশৰ এগৰাকী প্ৰসিদ্ধ পণ্ডিত আখ্যা দি লেখক-গৱেষক ড০ মাধুৰ্য্যমণ্ডিত বৰুৱাই কয় : 'সদায়ে এগৰাকী চফল তেজবীৰ্য্যসম্পন্ন ডেকাৰ দৰে তেখেতে দেশৰ ইমূৰৰপৰা সিমূৰলৈ বিচৰণ কৰি অঙ্কীয়া নাট, সত্ৰীয়া নৃত্য-গীত পৰিৱেশন প্ৰচাৰ-প্ৰসাৰত জীৱন-কাল ভূমিকা গ্ৰহণ কৰিছিল। ১৯৭৫ চনতে ইণ্ডোনেচিয়াত অঙ্কীয়া নাট ৰাম বিজয় প্ৰদৰ্শনৰ উদ্যোগ লৈ_ শঙ্কৰী নাট্য পৰম্পৰাৰ চৰ্চা দেশৰ বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত বাট কাটিছিল। দেশৰ উৰিষ্যা, তামিলনাডু, কেৰেলা, মধ্যপ্ৰদেশ, কাশী, চিত্ৰকূট, পঞ্জাৱ, গোৱা, ছট্টিশগড়, গুজৰাট, হিমাচল প্ৰদেশ, পশ্চিমবঙ্গ, দিল্লী আদিত অঙ্কীয়া নাট আৰু নৃত্য-গীতৰ কাৰ্য্যসূচী প্ৰদৰ্শনত উদ্যোগ লোৱাৰ উপৰি নিজে অংশ লৈছিল। শ্ৰীলঙ্কাৰ দৰে ঠাইত শঙ্কৰী কৃষ্টিচৰ্চাৰ ভেটি নিৰ্মাণতো ভূমিকা তেখেতে লৈছিল। মাজুলীৰ সুৰক্ষাৰপৰা আৰম্ভ কৰি সন্ত্ৰাসবাদৰ সমস্যালৈকে তেখেতৰ বিষয়বৈচিত্ৰ্যগত অবাধ বিচৰণসম্পৃক্ত মনটো দেশে-বিদেশে কৰা সংস্কৃতিচৰ্চাৰ এৰাব নোৱৰা সঙ্গী হোৱাটো নিশ্চিতভাৱেই তাৎপৰ্য্যপূৰ্ণ কথাই। এনে ব্যক্তি আজিৰ আধুনিক সমাজ জীৱনত আপুৰুগীয়া। তেখেতৰ মৃত্যু আমাৰ জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি।'

            মুকালমুৱাৰ পৰা সমৰজিত পাঠকৰ  প্ৰতিবেদন অসম লাইভ।

Post Bottom Ad

Pages