- Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 31 August 2020

 কৃষক নেতা অখিল গগৈৰ আইনী যুঁজৰ সাহাৰ্য্যৰ বাবে নগাঁও জিলাৰ ডুমডুমীয়া ৰ বালিসত্ৰ অৰ্ধ সাপ্তাহিক  বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাহাৰ্য্য সংগ্ৰহ:

    


 অসম Live
ডুমডুমীয়া,31-08-2020
            
                             কৃষক নেতা অখিল গগৈৰ আইনী যুঁজৰ সাহাৰ্য্যৰ বাবে সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ডুমডুমীয়া ৰ  বালিসত্ৰ অৰ্ধ সাপ্তাহিক  বজাৰত সাহাৰ্য্য সংগ্ৰহ কৰে । সংগঠনটোৰ সদস্য সকলে দোকান তথা বাটে - পথে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰা দেখা যায়। সাধাৰণ ৰাইজে বিনা দ্বিধাই সাহাৰ্য্য প্ৰদান কৰে । লগতে অসমবাসী ৰাইজক অখিল গগৈৰ মুক্তিৰ বাবে সহায় কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও চৰকাৰক অনতি পলমে কৃষক নেতা অখিল গগৈক মুক্তি কৰি দিবলৈ দাবী জনাই সংগঠনটোৰ সদস্য সকলে ।আইনী সাহাৰ্য্য কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ নগাঁও জিলা সমিতিৰ  উপদেষ্টা ডা: ৰিয়াজ  উদ্দিন  আহমেদ, জিলা সম্পাদক জিতেন বৰা, ছফিকুল  ইছলাম(বাবু),ৰূপা দাস, ডালিমী বৰা, মঞ্জুৰ হুছেইনে  অংশ গ্ৰহণ কৰে|
                          
                              ব্যুৰো ৰিপোৰ্ট অসম লাইভ।



Post Bottom Ad

Pages