- Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 19 August 2020

 নগাওঁ জিলাৰ কঠীয়াতলী টুবুকী গ্ৰান্টত এক হৃদয় বিদাৰক হত্যা কাণ্ড |


অসম Live
নগাওঁ,19-08-2020
      
                নগাওঁ জিলাৰ কঠীয়াতলী টুবুকী গ্ৰান্টত যোৱা ৰাতি সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। নিজ কিশোৰ পুত্ৰৰ সন্মুখতে মাকক ডিঙি ৰেপি হত্যা কৰে অচিনাক্ত লোকে। প্ৰায় ৪০ বছৰীয়া মহিলা গৰাকীৰ নাম জোচনাৰা বেগম বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ মতে ঘটনাটো নিশা প্ৰায় ২ বজাত সংঘটিত হয়।

ঘটনা সংঘটিত কৰাৰ পিচত দুৰ্বিত্ত দলটোৱে কিছু দুৰত থকা মৃত জোচনাৰা বেগমৰ ভাতৃ আব্দুল ছহিদৰ ঘৰলৈ  তিনি জাই গুলি নিক্ষেপ কৰি আতৰি যায়।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ লৈ প্ৰেৰণ কৰাৰ লগতে মৃত জোচনাৰা বেগমৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত পাচঁ জন লোকক সোধ পোচৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক সকল হল আৰৱ আলী, চামচুল হক, মকবুল ইচলাম, মুকচিদুল ইচলাম আৰু মমিনা খাতুন।
     
            নগাওঁৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ  প্ৰতিবেদন অসম লাইভ।

Post Bottom Ad

Pages