সংখ্যালঘু ছাত্রবৃত্তি ধনৰ দুর্নীতিৰ লগত জড়িত চাৰিজনকৈ লোক আৰক্ষীৰ জালত। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 7 August 2020

সংখ্যালঘু ছাত্রবৃত্তি ধনৰ দুর্নীতিৰ লগত জড়িত চাৰিজনকৈ লোক আৰক্ষীৰ জালত।

 সংখ্যালঘু ছাত্রবৃত্তি ধনৰ দুর্নীতিৰ লগত জড়িত চাৰিজনকৈ লোক আৰক্ষীৰ জালত।

           ৰাজ্যত সংখ্যা লঘু ছাত্ৰবৃত্তিৰ নামৰ সংঘটিত কৰা কোটি টকীয়া কেলেংকাৰীৰ লগত জৰিত দক্ষিণ কামৰূপৰ সোণতলীৰ চাৰি অপৰাধীক যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷দক্ষিণ কামৰূপৰ সোণতলী,ৰঙাপানী,ডেকাচাং,কালাতলী,মালিবাৰী বদলা আদি অঞ্চলবোৰত একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক,দালাল চক্ৰ আৰু CSP ৰ স্বত্তাধীকাৰীয়ে মিলি ছাত্ৰ ছাত্ৰী জল পানীৰ ধন আত্মসাৎ কৰাৰ উপৰিও ভূৱা ছাত্ৰ ছাত্ৰীৰ নাম অন্তভুক্ত কৰি চৰকাৰী ধন লুটি সুটি খোৱাৰো অভিযোগ তুলিছে স্থানীয় সচেতন ৰাইজে।

শেহতীয়াকৈ বৃদ্ধ মানুহৰ নাম অতি কৌশলেৰে ছাত্ৰ বৃত্তিত নাম অন্তভুক্ত কৰি ধন আত্মসাৎ কৰিছিল এই চক্ৰটোৱে সেইহেতুকে এজন ৰঙাপানীৰ হজৰত আলি নামৰ যুৱকে এখন এজাহাৰ তৰিছিল ।সোণতলী আৰক্ষীয়ে এক এজাহাৰৰ ভিত্তীত প্ৰথমে চাৰিজনকৈ অপৰাধীক আটক কৰে আৰু নিশাৰ ভিতৰতে বকো থানালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ছাত্ৰবৃত্তিৰ নামত কোটি টকা আত্মসাৎ কৰা চাৰি অপৰাধীৰ বিৰুদ্ধে ৩নং দক্ষিণ ৰাঙাপানী গাঁৱৰ হজৰত আলী নামৰ এজন ব্যক্তিয়ে সোণতলী আৰক্ষী চকীত তৰিছিল গোচৰ ৷ 

আৰু সেই গোচৰৰ ভিত্তীত সোণতলী আক্ষীয়ে যোৱাকালি চাৰিজন দুৰ্নীতিকাৰী ক্ৰমে আবুশ্বমা, আমিৰ হামজা, শুকুৰ আলী আৰু শ্বাইজুদ্দিনক আটক কৰে ৷ উল্লেখ্য যে, এই চাৰি অপৰাধীক জামিনত মুকলি কৰি নিবলৈ কেবাটাও দালাল চক্ৰই একগোট হৈ কোচকাৱাজ চলাইছিল যদিও সেয়া সম্ভৱ নহ'ল ৷ সোণতলী আৰক্ষীয়ে নিশাৰ ভিতৰতে চাৰিওজনকে বকো থানালৈ প্ৰেৰণ কৰে ৷ বৰ্তমান বকো আৰক্ষীয়ে চাৰিওজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

সোণতলীৰ পৰা ফজলুৰ ৰহমানৰ প্ৰতিবেদন অসম লাইভ।


Post Bottom Ad

Pages