- Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 26 August 2020

 পুনৰ লাওখোৱা অভয়াৰন্যৰ বন্যপ্ৰানী নিধন ।

 


অসম Live

 লাওখোৱা, 27-08-2020

                   এটেনচন বন মন্ত্ৰী মহোদয়। এই প্ৰতিবেদন শুনক। কি হৈছে আপোনাৰ বিভাগত । বন কৰ্মীয়ে গিজগিজাই থকাৰ পিছতো কেনেকৈ হত্যা কৰে বন্যপ্ৰাণী। এটা মাহৰ ভিতৰত তিনিটাকৈ বন্যপ্ৰানী কেনেকৈ হত্যা হল। আছে আপোনাৰ তথা আপোনাৰ বিভাগৰ হাতত উত্তৰ । পৰিবৰ্তনৰ শ্লগান দি দিছপুৰৰ গাদী দখল কৰিছে আপোনালোকে। এয়া নেকি আপোনালোকৰ পৰিবৰ্তন ।  এসময়ৰ বিশ্ব বিখ্যাত  এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অভয়াৰন্যখন।  এতিয়া  গঁড় শূন্য । গঁড়ৰৰ আবাস ভূমি লাওখোৱা অভয়াৰন্যত গড় নাই যদিও আছে বহু ধৰণৰ জীৱ জন্তু । সেইবোৰৰ এতিয়া নাই নিৰাপত্তা । কিছু  পূৰ্বে  হৰিণা, তাৰ পিছত  বনৰীয়া ম"হ চোৰাংচিকাৰীয়ে হত্যা কৰে। তথাপিও সজাগ হোৱা নাই ঘোৰ নিদ্ৰাত থকা বন বিভাগ। যাৰ পৰিনতিত  পুনৰ  বনৰীয়া গাহৰি হত্যা কৰে এক দুষ্ট চক্ৰই । চোকা অস্ৰৰে আক্ৰমন কৰি হত্যা কৰা হয় বনৰীয়া গাহৰিটিক । সম্প্ৰতি বিভাগে  ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱা অভিযোগ উত্থাপন হৈছে । নগাঁও জিলাৰ গড়াজান বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সুতিৰপাৰ উপ বন খণ্ডৰ  বন বিষয়াই মৰোনত্তৰ পৰীক্ষা নকৰাকৈ মাটিত পুথি থয় বন গাহৰিৰ মৃতদেহ । বন বিভাগৰ চৰম গাফিলিতিৰ বাবেই দুষ্কাৰ্তী কাৰীয়ে এটাৰ পিছত এটাকৈ  বন্যপ্ৰানী নিধন কৰাৰ সুযোগ গ্ৰহন কৰিছে। এতিয়া প্ৰকৃতিপ্ৰেমীৰ প্ৰশ্ন । গঁড় শূন্য হোৱাৰ দৰে বন্যপ্ৰানী শূন্য হব নেকি অভয়াৰন্যখন। নে বন বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব। বিভাগে যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অতি শীঘ্ৰে ইতিহাসত হব অভয়াৰন্যখন।

                                                ব্যুৰো ৰিপোৰ্ট অসম লাইভ।


Post Bottom Ad

Pages