- Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 19 August 2020

 জুৰীয়াত প্ৰেম জনিত কাৰণত ঘপিয়াই আহত এজনক |

 


অসম Live
জুৰীয়া,19-08-2020
                      জুৰীয়াত সততে দেখা পোৱা ভূমি বিবাদক লৈ  হোৱা সংঘৰ্ষ এয়া নহয়,এইবাৰ প্ৰেমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হোৱা বিবাদক  লৈ হোৱা আক্ৰমণ। গুৰুতৰ ভাবে আহত এজন।এই ঘটনা সংঘটিত হৈছে জুৰীয়া তেলিয়াবেবেজীয়া গাৱত।গাওঁ খনৰ ওচমান আলীৰ কণ্যাৰ সৈতে চহিদুল্লাৰ পুত্ৰৰ দীৰ্ঘদিনীয়া প্ৰেমকাহিনী গাওঁ বাসীৰ মুখে মুখে।ইয়াকে লৈ দুয়োটা পৰিয়ালৰ মাজত সৃষ্টি হৈ অহা সংঘাতৰ বাবে পূৰ্বতে ৰাইজমেলো অনুষ্ঠিত হৈছিল।কিন্তু মিলাব পৰা নাছিল দুয়োটা পৰিয়ালক।যোৱা মঙ্গলবাৰে এনে এটা বিষয়ক লৈ দুয়োটা পক্ষৰ মাজত সৃষ্টি হোৱা কথা কটাকটিৰ পিছত চহিদুল্লাৰ পৰিয়ালে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ওচমান আলীৰ পৰিয়ালটোক।অতি নৃশংস ভাবে  আক্ৰমণ কৰাত ওচমান আলী গুৰুতৰ ভাবে আহত হয়।ততাতৈয়াকৈ ওচমান আলীক নগাৱলৈ নিয়ে যদিও অৱস্থা সংকট জনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰে।আক্ৰমণটো ইমানেই ভয়াবহ আছিল যে ওচমান আলীৰ পিঠিৰ এফাল দাৰ ঘাপত এৰাই যোৱাৰ লগতে এখন হাতো বেয়াকৈ আঘাত প্ৰাপ্ত হৈছে।ঘটনা সংক্ৰান্তত ওচমান আলীৰ পৰিয়ালে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই।
         
                   জুৰীয়াৰ পৰা বাবুল শ‌ইকীয়া আৰু আজমল হুছেইনৰ ৰিপৰ্ট অসম লাইভ


Post Bottom Ad

Pages