সৰুক্ষেত্ৰীৰ বৰবালাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অভিযানঃ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 11 August 2020

সৰুক্ষেত্ৰীৰ বৰবালাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অভিযানঃ

 সৰুক্ষেত্ৰীৰ  বৰবালাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অভিযানঃ

      সৰুক্ষেত্ৰী  সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰবালা বজাৰত এক ভয়ানক চুৰি কাৰ্যৰ সৈতে দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত সৰুক্ষেত্ৰীত চেপা উত্তেজনা বিৰাজ কৰিছে । সদায় শূন্য সহনশীলতাৰ কথা কৈ দম্ভালি মৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালত ৰাজ্যত বিভিন্ন ঠাইত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি । এইবেলি  গোপন সূত্ৰৰ পম খেদি অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা চমুকৈ ‘বি.আই.অ’ৰ গুৱাহাটী শাখাই সৰুক্ষেত্ৰী সমষ্টিৰ বৰবালা বজাৰৰ এটি গুদামৰ পৰা ৯৩ কুইন্টল চাউল জব্দ কৰিবলৈ সক্ষম হৈছে  । ১০ আগষ্ট ৰাতিৰ ভাগত  অভিযানৰ সময়ছোৱাত গুদামৰ ভিতৰত পেকেটিং কৰা মানুহ আছিল যদিও অভিযানকাৰী দলটো দেখা মাত্ৰেই সকলোৱে পলাই পত্ৰং দিয়ে । উক্ত  চাউল সমূহ ভাৰতীয় খাদ্য নিগম বা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বুলি ‘বি আই অ’ৰ অধীক্ষক দিলীপ কুমাৰ ডেকা আৰু বিষয়া বিপুল চন্দ্ৰ তালুকদাৰে সন্দেহ প্ৰকাশ কৰে ।

 ‘বি আই অ’ৰ দলটোৱে চাউলৰ লগতে ভাৰতীয় খাদ্য নিগমৰ খালি বস্তা , ষ্টিকাৰ, ইলেক্ট্ৰ’নিক দাগা, প্ৰায় দুই হাজাৰ হালধীয়া খালি বেগৰ লগতে বেগ ক্লোজাৰ মেচিন আদি জব্দ কৰে । প্ৰাপ্ত তথ্য অনুসৰি স্থানীয় মালিক মজনুৰ আলীৰ পৰা শ্বহিদুল আলী নামৰ এজন ব্যক্তিয়ে বৰবালা বজাৰৰ নিচেই কাষত থকা ঘৰটো ভাড়ালৈ নি উক্ত  অসাধু ব্যৱসায় চলাই আহিছে । কিন্তু এতিয়ালৈকে অভিযুক্ত শ্বহিদুলৰ ঠিকনা জানিব পৰা হোৱা নাই । তদন্তকাৰী বিষয়াই জব্দ কৰা চাউলখিনি পশ্চিম বেতবাৰী জি পি সমবায় সমিতিৰ সম্পাদক জালাল উদ্দিন ভূঞাৰ জিম্মাত ৰাখিছে অভিযান  বিষয়াৰ দলটোৱে । তদন্তৰ পিছত সকলো দুৰ্নীতি ওলাই পৰিব বুলি বি আই অ’ৰ দলটোৱে প্ৰকাশ কৰিছে ।

                                           ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages