বাইহাটা চাৰিআলিৰ চাংসাৰিৰ এগৰাকী মাতৃৰ চকুত চকুপানী । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 11 September 2020

বাইহাটা চাৰিআলিৰ চাংসাৰিৰ এগৰাকী মাতৃৰ চকুত চকুপানী ।

 বাইহাটা চাৰিআলিৰ চাংসাৰিৰ এগৰাকী মাতৃৰ চকুত চকুপানী ।



অসম Live
বাইহাটা চাৰিআলি,11-09-2020

                    বাইহাটা চাৰিআলিৰ চাংসাৰিৰ এগৰাকী মাতৃৰ চকুত চকুপানী । পুত্ৰৰ কাৰনে দিনে নিশাই চকুপানী টুকিছে মাতৃ গৰাকীয়ে । সকলো দিশতে পাৰ্গত  এই মাতৃ গৰাকীৰ নবম শ্ৰেণীত অধ্যায়ণৰত পুত্ৰ জয়ন্ত দাস ।  " মা মই যাও " এইবুলি কৈ যোৱা ১৩ জুনতে ঘৰৰ পৰা  আবেলি পৰত ওলাই গৈছিল জয়ন্ত। পৰিয়ালৰ লোকে  গুৰুত্ব সহকাৰে লোৱা নাছিল জয়ন্তৰ বাক্যশাৰী । নিশালৈকে জয়ন্ত ঘৰলৈ ওভতি নহাত চিন্তা হয় পৰিয়ালৰ ।সকলোবোৰ আত্মীয় কুতুমৰ ঘৰত খবৰ কৰিও কোনো সম্ভেদ নোপোৱাত নিশাই চাংসাৰি আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে অবগত কৰে । ১৩ জুনৰ পৰা তিনিমাহ উকলি যোৱাৰ পিচতো সম্ভেদ নোলাল জয়ন্তৰ । জয়ন্ত পঢ়া শুনাৰ লগতে খেলাধুলাটো পাকৈট আছিল । তেও এজন এন চি চিৰোভাল কেডেট আছিল । সেয়ে এতিয়া জয়ন্ত পৰিয়ালৰ পেটলৈ ভাত নোযোৱা অৱস্থা । পৰিয়ালৰ লোকে জয়ন্ত কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহো প্ৰকাশ কৰে । তথাপিও যদি কোনো লোকে সম্ভেদ পায় চাংসাৰি আৰক্ষী থানাৰ লগত যোগাযোগ কৰাৰ লগতে ৬০০৩১৬০০০৫ নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাই ।

                                      বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপোৰ্ট।



Post Bottom Ad

Pages