অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম জন্মোৎসৱ ভাগি ৰাজ্যজুৰি পালন । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 27 September 2020

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ তম জন্মোৎসৱ ভাগি ৰাজ্যজুৰি পালন ।

 


অসম Live

 লিডু: 27-09-2020

                                বিগতবৰ্ষসমূহৰ দৰে এইবাৰো লিডু কেন্দ্ৰীয় নামঘৰত  দুদিনীয়া কাৰ্যসূচীৰে পালন জন্মোৎসৱ ভাগি ।   প্ৰথমদিনা পুৱা ৪ বজাত ডম্বৰুধৰ নেওগৰ পৰিচালনাত ঊষা কীৰ্তন পুৱা ৭ বজাত লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাত  পুৱা প্ৰসংগৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি ৰাণাজ্যোতি নেওগে । তাৰ পাছতে বন্তি প্ৰজ্বলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা মুখ্য সাধাৰণ সম্পাদক  ক্ৰমে  তৰুণ গগৈ আৰু দিপক চেতিয়া আৰু  ধীৰাজ সোনোৱালে ।পুৱা ১০ বজাত জয়া বড়া দীপা গগৈ আৰু অলি কোঁৱৰৰ পৰিচালনাত আইসকলৰ  মৃন্ময় ৰাজকোৱঁৰৰ পৰিচালনাত দিহানাম  প্ৰদৰ্শিত হয়  । দ্বিতীয় দিনা পুৱা ৫ বজাত লোকনাথ কোৱঁৰৰ পৰিচালনাত ঊষা কীৰ্তন , পুৱা ১০ বজাত নামপ্ৰসংগ অনুষ্ঠিত হ'ব । নামাচাৰ্য ৰূপে   প্ৰেমনাৰায়ণ গোস্বামী হিৰেন বাৰুৱতী কীৰ্তন পাঠেকী ৰূপে পুস্প গগৈয়ে অংশ লয়  !  বিয়লি ২ বজাত ৰাণাজ্যোতি নেওগৰ সন্ঞ্চালনাত  অসমীয়া সমাজ গঠনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী অৱদান শীৰ্ষক আলোচনাচক্ৰ আৰু বটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'য় ।  সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামী হিৰেন বাৰুৱতীয়ে আলোচ্য বিষয়বস্তৰ ওপৰত আলোকপাত কৰে । মাৰ্ঘেৰিটা আন্ঞ্চলিক পন্ঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা বিশিষ্ট অতিথি  আৰু লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দীপক চেতিয়াই অতিথি   ৰূপে  সভা শুৱনি  কৰে ।  জন্মোৎসৱ উপলক্ষে চিত্ৰাংকণ ৰচনা বৰগীত প্ৰাৰ্থনা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

                            

Post Bottom Ad

Pages