মৰিগাঁৱৰ মৈৰাবাৰী উন্নয়ন খণ্ডত সংঘটিত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ আৰু ৬জন দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 28 September 2020

মৰিগাঁৱৰ মৈৰাবাৰী উন্নয়ন খণ্ডত সংঘটিত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ আৰু ৬জন দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ।


 অসম Live

মৈৰাবাৰী:29-09-2020

                                    মৈৰাবাৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা চুৰি কাণ্ডৰ আন ছয় টা দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৈৰাবাৰী আৰক্ষীয়ে। ২২ ছেপ্তেম্বৰ মঙ্গল বাৰে নিশা এটা চোৰৰ দলে চাফাই অভিযান চলাইছিল মৈৰাবাৰী উন্নয়ন খণ্ডৰ ষ্ট'ৰ ৰূমত। চোৰৰ দল টোৱে লুটি নিছিল চৰ উন্নয়ন পুঁজিৰে হিতাধিকাৰীক বিতৰণৰ বাবে থোৱা ৮৫ খন চ' লাৰ প্লেট, চলাৰ ব্ৰেটেৰী, ৬৭ টা চিলাই মেচিন। ঘটনাৰ পিছদিনা মৈৰাবাৰী আৰক্ষীয়ে চুৰি কাণ্ড টোৰ চাৰি টা গভাইট চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। লগতে চোৰ কেইটাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ১৮ টা ব্ৰেটেৰী, ১৯ খন চলাৰ প্লেট, আৰু ১৬ টা চুৰি চিলাই মেচিন। সেই চাৰি দুধৰ্ষ চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত শনি বাৰে নিশা মৈৰাবাৰী থানাৰ উপ পৰিদৰ্শক কল্পজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত আৰু ছটা চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী। ধৃত চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ১৩ টা চিলাই মেচিন আৰু ৩৮ খন চ'লাৰ প্লেট। ধৃত চোৰ কেইটাৰ নাম মোবাৰক আলী, ইক্ৰামুল হক, ফাইজুল ইছলাম, ছাদিকুল ইছলাম, নাজিৰ উদ্দিন, আৰু জাহাংগীৰ আলম। আতাইকেইটা চোৰেই নগাঁও জিলাৰ ধিং থানা এলেকাৰ। কিন্তু এই চুৰি কাণ্ডৰ পাছত মানুহৰ মাজত ঘনিভুত হৈছে সন্দেহ। কিয়নো চৰ উন্নয়ন পুঁজিৰ এই সামগ্ৰী সমূহ বহু দিনৰ পৰাই পৰি আছিল ষ্টৰ ৰূমত। হিতাধিকাৰীক বিতৰণ নকৰি কি কাৰণত ষ্টৰ ৰূমত এনেদৰে সামগ্ৰী সমূহ পেলাই থোৱা হৈছিল সেইটোহে ৰহস্য জনক। চোৰক মোৰে পালে নেকি বুলিও বহুতে উপস্হাপ কৰিছে প্ৰশ্ন। উপযুক্ত তদন্ত হলে ওলাই পৰিব উৰহি গছৰ উৰ।

    
 

Post Bottom Ad

Pages