বাইহাটা চাৰিআলিত এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 17 September 2020

বাইহাটা চাৰিআলিত এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য ।

 বাইহাটা চাৰিআলিত এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য ।
 



অসম Live

বাইহাটা চাৰিআলি,17-09-2020


                 বাইহাটা চাৰিআলিত এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়গাৱৰ ৰাজীব ডেকা নামৰ প্ৰায় ২৫ বছৰীয়া যুৱক জনৰ মৃত্যুক হত্যাৰ সন্দেহ আত্মীয়ৰ । ৰমেন ডেকা নামৰ একে গাৱৰে ব্যক্তি এজনে হত্যা কৰাৰ সন্দেহ ৰাজীৱৰ পৰিয়ালৰ । ঘটণা মতে ৰাজীৱ ডেকাই চুৰি কৰাৰ উদ্দেশ্যেৰে কেইদিন মান আগত ৰমেন ডেকাৰ ঘৰত প্ৰবেশ কৰা বুলি ৰাজহুৱা বিচাৰ বহিছিল । ৰাজহুৱা বিচাৰৰ মাজতে ৰাজীব ডেকাক উপস্থিত কৰাব লাগে বুলি ৰমেন ডেকাই দাবী জনাইছিল পৰিয়ালক । পৰিয়ালে যদি নোৱাৰে তেতিয়াহলে ৰমেন ডেকাই নিজে বিচাৰি আনি ৰাজীৱক হাজিৰ কৰাব বুলিও উল্লেখ কৰা বুলি সদৰি কৰে ৰাজীৱৰ পৰিয়ালৰ লোকে । সেয়ে ৰমেন ডেকাই  ৰাজীৱক হত্যা কৰাৰ সন্দেহ কৰে ৰাজীৱৰ পৰিয়ালে । ঘটণাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে ।

                             নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages