কৃষক নীতিৰ বিৰোধিতাৰে ৰঙিয়াত অৱস্থান ধৰ্মঘট । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 25 September 2020

কৃষক নীতিৰ বিৰোধিতাৰে ৰঙিয়াত অৱস্থান ধৰ্মঘট ।

 কৃষক নীতিৰ বিৰোধিতাৰে ৰঙিয়াত অৱস্থান ধৰ্মঘট ।





অসম Live

ৰঙিয়া, 25-09-2020

                           পুজিপতীৰ স্বাৰ্থত  বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়  চৰকাৰখনে দেশৰ কৃষক সকলৰ পৰিপন্থী তিনিখনকৈ ভয়ানক আইন জাপি দিবলৈ কৰা ষড়যন্ত্ৰৰ প্ৰতিবাদত দেশৰ কৃষক সংগঠনসমূহে সন্মিলিতভাৱে ২৫ ছেপ্তেম্বৰত  ভাৰত বন্ধৰ আহ্বান জনাইছে। এই বন্ধলৈ পূৰ্ণ সমৰ্থন জনাই অসম ৰাজ্যিক কৃষক সভা কামৰূপ জিলা সমিটিৰ উদ্যোগত দেশী-বিদেশী পুঁজিপতিৰ স্বাৰ্থত প্ৰণয়ন কৰা কৃষক বিৰোধী আইনসমূহ প্ৰত্যহাৰৰ  দাবীত শুক্ৰবাৰে ৰঙিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শাসনাধিস্থিত  বিজেপি চৰকাৰখনে সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু কেৱল সংখ্যাৰ বলেৰে বলিয়ান হৈ সংসদত উত্থাপন কৰিছে ৩ খনকৈ কৃষক বিৰোধী বিল গৃহিত কৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চিটুৰ ৰাজ্যিক নেতা বিবেকানন্দ অধিকাৰীয়ে।
                             উক্ত প্ৰতিবাদী কাৰ্যসূচীত এচ এফ আইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী সহ ভালেমান নেতা সদস্য উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে।


                                 নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ। 


Post Bottom Ad

Pages