মৈৰাবাৰী চিকিৎসালয়ত স্বচ্ছতা সজাগতা সভাত, চাৰিজনকৈ ছাফাই কৰ্মীক সম্বৰ্ধনা। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 2 October 2020

মৈৰাবাৰী চিকিৎসালয়ত স্বচ্ছতা সজাগতা সভাত, চাৰিজনকৈ ছাফাই কৰ্মীক সম্বৰ্ধনা।

 


অসম Live

মৈৰাবাৰী:02-10-2020

                                      সমগ্ৰ দেশতে উদযাপন কৰা হৈছে আজি গান্ধী জয়ন্তী। সমান্তৰালকৈ আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়তো মহাত্মা গান্ধীক স্মৰণ কৰি পালন কৰা হয় গান্ধী জয়ন্তী পালন কৰা হয়। চিকিৎসালয়ৰ সমুহ কৰ্মচাৰীয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জনায়।

ইয়াৰ পিছতে ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ আব্দুছ ছালামৰ সঞ্চালনাত এক স্বচ্ছতাৰ ওপৰত এক সজাগতা সভাও অনুস্থিত হয়। আজিৰ এই সজাগতা সভাত ডাঃ এন দিহিঙ্গীয়া, ডাঃ আশ্ৰাফুল ইছলাম, জেষ্ঠ ফাৰ্মাছিষ্ট মফিজুদ্দিন আহমেদ উপস্থিত থাকে। এই সজাগতা সভাত বহুকেইজন স্বাস্থ্যকৰ্মী জি এন এম, এ এন এমৰ উপস্থিতিত চাৰি জনকৈ ছাফাই কৰ্মীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনাৰ অন্তত সকলোৱো কৰ্মচাৰীক স্বচ্ছতাৰ ওপৰত এক শপত বাক্য পাঠ কৰোৱা হয়।

                            

Post Bottom Ad

Pages