ৰূপহীহাটৰ স্থানীয় বিধায়ক নুৰুল হুদাই সেই দুজন বীৰ শ্বহীদ আৰক্ষী জোৱানৰ ঘৰত উপস্থিত | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 2 October 2020

ৰূপহীহাটৰ স্থানীয় বিধায়ক নুৰুল হুদাই সেই দুজন বীৰ শ্বহীদ আৰক্ষী জোৱানৰ ঘৰত উপস্থিত |


 অসম Live

নগাঁও:02-10-2020

                        

                    ৰূপহীহাটৰ জুৰীয়াৰ গদাইমাৰী গাৱৰ গোলাম মস্তোফা আৰু জহাজান গাঁৱৰ আক্কাছ আলী অসম আৰক্ষীত কৰ্মৰতত আছিল | যোৱা কিছুদিন পূৰ্বে উগ্ৰপন্থীৰ গুলীত শ্বহীদ হব লগা হৈছিল | তাৰ পৰিপ্ৰেক্ষিতত ৰূপহীহাটৰ স্থানীয় বিধায়ক নুৰুল হুদাই সেই দুজন বীৰ শ্বহীদ আৰক্ষী জোৱানৰ ঘৰত উপস্থিত হৈ পৰিয়ালক ফুলাম গামোচাৰে সম্ভৰ্দনা জনোৱাৰ লগতে কিছু খাদ্যসামগ্ৰী বিতৰণ কৰে | ইয়াৰ লগতে দুই বীৰ শ্বহীদ জোৱানৰ বিদেশী আত্মাই সদগতী কামনা কৰে বিধায়ক নুৰুল হুদাই | ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া মনিষা বাল্মিকীক দূৰ্বৃত্বই ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে সেই ধৰ্ষিতাৰ ঘৰত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী খবৰ লবলৈ যাঁওতে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে বাধা প্ৰদান আনকি আৰক্ষীয়ে আটক কৰাৰ ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে বিধায়ক নুৰুল হুদাই | তদুপৰি ৰাষ্ট্ৰপতি সংবিধানৰ ৰক্ষক আৰু সেই ৰক্ষক হিচাপে গণতন্ত্ৰৰ যিয়ে যি মৰ্য্যদা পায় সেই মৰ্য্যদা প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক আহ্বান জনায় বিধায়ক নুৰুল হুদাই |

Post Bottom Ad

Pages